শূন্যৰ পৰা কোটিটকীয়া ব্যৱসায়ীত পৰিণত হোৱা নুৰৰ কাহিনী | Noor fashion

Your video will begin in 10
Skip ad (5)
The new system to launch an online business

Thanks! Share it with your friends!

You disliked this video. Thanks for the feedback!

Added by admin
145 Views
শূন্যৰ পৰা কোটিটকীয়া ব্যৱসায়ীত পৰিণত হোৱা নুৰৰ কাহিনী Noor fashion

নুৰ আমেদ নামৰ এজন ব্যৱসায়ীৰ কৃচ্ছ্ৰ সাধনাৰ কাহিনী এয়া ৷ দৰদ্ৰ ঘৰৰ সন্তান নুৰ আহমেদে সৰুৰে পৰা কেৱল দেখিছিল অভাৱ অনাটন ৷ সেয়ে চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ পৰাই চাইকেলত বজাই কৰি বাটে পথে বিক্ৰী কৰিছিল শাকপাচলি ৷

কিন্তু নুৰ আহমেদ নামৰ সাহসী এই ব্যক্তিজনে সপোনক সীমাবদ্ধ কৰাৰ পক্ষপাতি নাছিল ৷

সেয়ে প্ৰায় ২০০১ চনত শাকপাচলিৰ বেপাৰ এৰি আনৰ পৰা ৪০ হেজাৰ টকা ধাৰে লৈ উত্তৰ লখিমপুৰ চহৰৰ এন টি ৰোডৰ এটি সৰু কোঠাত আৰম্ভ কৰিলে এখন কাপোৰৰ দোকান ৷

এয়াই তেওঁৰ আৰম্ভণি ৷ লাহে লাহে অমায়িক ব্যৱহাৰৰ জৰিয়তে আকৰ্ষণ কৰিবলৈ ল’লে নতুন নতুন গ্ৰাহকক ৷ নুৰ ফেশ্বন নামৰ তেওঁৰ কাপোৰৰ দোকানখনে ল’লে বৃহৎ ৰূপ ৷

ইমানতে থমকি নৰৈ নুৰ আহমেদে আৰম্ভ কৰিলে ছাত্ৰী ছাত্ৰীক ইউনিফৰ্ম যোগান ধৰাৰ কাম ৷ এতিয়া লখিমপুৰ -ধেমাজিৰ পৰা আৰম্ভ কৰি শিৱসাগৰলৈকে হাজাৰ হাজাৰ ছাত্ৰছাত্ৰীৰ ইউনিফৰ্ম প্ৰস্তুত কৰে নুৰ আহমেদে ৷ ইয়াৰ বাবে পশ্চিম বংগ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ বহু দৰ্জী নিয়োগ কৰিছে তেওঁৰ বৃহৎ কাৰখানটোত ৷

এসময় ফুটপাথত বস্তা পাৰি শাকপাচলি বেচা নুৰ আহমেদ এতিয়া কোটি টকীয়া কাপোৰৰ ব্যৱসায়ী ৷ সংস্হাপ দিছে ১৫০ জন কৰ্মচাৰীক ৷ নুৰ আহমেদৰ এই সফলতাক লৈ সুখী তেওঁৰ পত্নী ৷

শূন্যৰ পৰা কোটিটকীয়া ব্যৱসায়ীত পৰিণত হোৱা নুৰ আহমেদৰ লগত কথা পাতো আহক :
uparjan.in
Category
FASHION

Post your comment

Sign in or sign up to post comments.

Comments

Be the first to comment